A part of Indiaonline network empowering local businesses
Chaitra Navratri

ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগতে বিদেশতো কেবৰ বিৰুদ্ধে প্ৰতিবাদ

news

গুৱাহাটী: লোকসভা আৰু ৰাজ্যসভাত সংখ্যাৰ বলত নাগৰিকত্ব সংশোধনী বিধেয়কখনক আইনত পৰিণত কৰাৰ পাছতেই ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ। কেৱল উত্তৰ-পূৰ্বাঞ্চলতে নহয়, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ দেশৰে বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী।

আঞ্চলিক সংগঠনসমূহে এই আইনৰ তীব্ৰ বিৰোধিতা কৰি অহাৰ লগতে শিল্পী সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা দেখা গৈছে। দেওবাৰে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত শিল্পী অমাজৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত এক শৈল্পিক প্ৰতিবাদ দেখা গ’ল। সহস্ৰাধিক লোকে নাগৰিকত্ব সংশোধনী আইন মানি নলওঁ বুলি শ্ল’গান দি সাব্যস্ত কৰে প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সমগ্ৰ অসমত প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত ১১ ডিচেম্বৰত  ৰাজ্য চৰকাৰে প্ৰতিবাদক নিয়ন্ত্ৰণ কৰাৰ বাবে জনসাধাৰণৰ অধিকাৰ ভংগ কৰি ৰাজ্যখনৰ পৰা মোবাইল ইণ্টাৰনেট সেৱা বাতিল কৰিছিল। 

এই আইনৰ বিৰুদ্ধে কেৱল অসমতে প্ৰতিবাদ হোৱা নাই। দিল্লী, হায়দৰাবাদ, পশ্চিমবংগ, ৰাজস্থান, মধ্যপ্ৰদেশকে ধৰি লণ্ডন, নিউজিলেণ্ডতো এই আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। হায়দৰাবাদৰ ইন্দিৰা পাৰ্কত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত দেওবাৰে পুৱা প্ৰায় ৩ সহস্ৰাধিক লোকে হাতে হাতে প্লে কাৰ্ড লৈ গীত-মাত আৰু শ্লগানেৰে অংশ লয় এই ধৰ্ণা কাৰ্যসূচীত।

ইফালে, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ চীফ প্ৰ’ক্ট’ৰ ৱাছিম আহমেদ খানে সংবাদমাধ্যমৰ আগত কয় যে, আৰক্ষীয়ে বিশ্ববিদ্যালয় চৌহদত বলপূৰ্বকভাৱে সোমাই আহিছে। কিন্তু তেওঁলোকক চৌহদত সোমোৱাৰ বাবে কোনো অনুজ্ঞা দিয়া হোৱা নাছিল। বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতো প্ৰহাৰ কৰে আৰু জোৰ কৰি বিশ্ববিদ্যালয় চৌহদৰ পৰা গুচি যাবলৈ কয়।

এই আইনৰ বিৰুদ্ধে দেশৰ বহু কেইখন ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে। আৰু এই বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ ওচৰ পাইছেগৈ। ছত্তীশগড়তো স্বতঃস্ফূৰ্তভাৱে শ শ লোক ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে। ৰাজ্যখনৰ ৰায়পুৰত প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে’ কাৰ্ড লৈ ‘কেব আতৰাওঁক আৰু সংবিধান ৰক্ষা কৰক’, ‘ন’ কেব’ আদি শ্ল’গান দি সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী।

দেওবাৰে সূদুৰ লণ্ডনতো পৰিক্ষিত হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। লণ্ডনত কৰ্মৰত আৰু প্ৰৱাসী অসমীয়াৰ দ্বাৰা গঠিত আসাম এছচিয়েচনৰ আহ্বানত এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। (INDIA ONLINE)

1586 Days ago