A part of Indiaonline network empowering local businesses
Chaitra Navratri

ভাৰতৰ বোপান্না আৰু শ্বাপোভালভৰ যুটীটোৱে ইউ এছ অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে

News

ভাৰতৰ ৰোহন বোপান্না আৰু কানাডাৰ ডেনিছ শ্বাপোভাল’ভ ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপান্না আৰু শ্বাপোভালভৰ যুটীটোৱে কালি দ্বিতীয় ৰাউণ্ডৰ এখন খেলত জাৰ্মানীৰ কেবিন ক্ৰেৱিএটজ আৰু আন্দ্ৰেজ মিজক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে।
ইফালে ছেৰেনা উইলিয়ামছে শ্লোৱেন ষ্টিফেনছক ২-৬, ৬-২, ৬-২ ছেটত পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ চতুৰ্থ ৰাউণ্ডত প্ৰৱেশ কৰিছে। চতুৰ্থ ৰাউণ্ডত ছেৰেনা বিশ্বৰ ১৫ নম্বৰ স্থানৰ খেলুৱৈ গ্ৰীচৰ মাৰিয়া ছাক্কাৰিৰ মুখামুখি হ’ব। (AIR NEWS)

1320 Days ago