প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীয়ে লগতে কৃষক আৰু মীনপালকসকলৰ সুবিধাৰ্থে ই-গোপাল নামৰ এটা এপ্লিকেশ্যনো মুকলি কৰিব। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে বিহাৰত মীনপালন আৰু পশুপালন ক্ষেত্ৰৰ কেইবাটাও নতুন কাৰ্যক্ৰমো মুকলি কৰিব। এটা টুইটযোগে শ্ৰীমোদীয়ে কৈছে যে এই আঁচনিয়ে মীন পালন খণ্ডৰ পৰিবৰ্তনৰ সুচনা কৰিব আৰু আত্মনিৰ্ভৰ ভাৰতক অধিক শক্তিশালী কৰিব। উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা দেশৰ মীন খণ্ডত এই পৰ্যন্ত সৰ্বাধিক বিনিয়োগ হ’বলগীয়া আঁচনি। ২০ হাজাৰ কোটি টকাৰো অধিক ধন বিনিয়োগ কৰা হ’বলগীয়া এই আঁচনিয়ে মীনখণ্ডৰ দীৰ্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা কৰা হৈছে। (AIR NEWS)