A part of Indiaonline network empowering local businesses
Chaitra Navratri

ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত অংশগ্রহণ প্রধানমন্ত্ৰীৰ

News

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিশ্বশান্তিৰ বাবে বৰপেটাৰ নসত্ৰত আয়োজিত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত অংশগ্রহণ কৰে। প্রধানমন্ত্ৰীয়ে লগতে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অসম চৰকাৰৰ ভালে কেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে শ্রীমোদীয়ে এইবেলি প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমৰ কোনো কাৰ্যসূচীত ভাগ লৈছে। বিশ্বশান্তিৰ হকে কৃষ্ণগুৰু সেৱাশ্ৰমত যোৱা ৬ জানুৱাৰীৰ পৰা মাহযোৰা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ আয়োজন কৰা হৈছে। ১৯৭৪ চনত বৰপেটাৰ নসত্ৰত কৃষ্ণগুৰু সেৱাশ্ৰম প্ৰতিষ্ঠা কৰা হৈছিল। সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰায় ১ কোটি ৫০ লাখ অনুগামী আছে। কৃষ্ণগুৰু সেৱাশ্ৰম শিক্ষা, স্বাস্থ্য আৰু আধ্যত্মিকতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাম কৰি আহিছে। (AIR NEWS)

439 Days ago