প্রধানমন্ত্রী শ্ৰী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে নতুনকৈ নিযুক্তি লাভ কৰা প্রায় ৭১ হাজাৰ যুৱক-যুৱতীক নিযুক্তিপত্র বিতৰণ কৰে। প্রধানমন্ত্ৰীয়ে লগতে কর্মযোগী প্ৰাৰম্ভ মডিউলো উদ্বোধন কৰে। এই মডিউল সকলো নতুন চৰকাৰী নিযুক্তিৰ বাবে এটা অনলাইন অভিমুখীকৰণ পাঠ্যক্রম। এই মডিউলত চৰকাৰী কৰ্মচাৰীৰ বাবে আচৰণ বিধি, কর্মস্থানৰ নৈতিকতা, অখণ্ডতা আৰু মানৱ সম্পদ নীতি অন্তর্ভুক্ত থাকিব।
নতুনকৈ নিযুক্তি প্ৰাপকসকলক উদ্দেশ্যি ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে চৰকাৰে চাকৰি প্ৰদানৰ বাবে সক্রিয়ভাৱে কাম কৰি আছে। তেওঁ লগতে কয় যে বিভিন্ন ৰাজ্যত কেইবাখনো ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে আৰু ভবিষ্যতেও এই অভিযান অব্যাহত থাকিব। যুৱক-যুৱতীসকলক দেশৰ আটাইতাঁকে ডাঙৰ শক্তি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে তেওঁলোকৰ প্ৰতিভা আৰু শক্তিক ব্যৱহাৰ কৰিবলৈ সর্বোচ্চ অগ্ৰাধিকাৰ দিছে।
তেওঁ নতুন নিযুক্তি প্রাপকসকলক জ্ঞান আহৰণ, দক্ষতা বিকাশ আৰু সামর্থ্য বিকাশত মননিবেশ কৰি তেওঁলোকক দক্ষতা বৃদ্ধিৰ বাবে আহ্বান জনায়। এই অনুষ্ঠানতে কেন্দ্রীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন ৰাজ্যমন্ত্রী ড০ জতেন্দ্র নিতে কয় যে পূৰ্বৰ চৰকাৰসমূহে অৱহেলা কৰি অহা শ্ৰেণীটোক বৰ্তমানৰ চৰকাৰে চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিছে। (AIR NEWS)