প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কোভিড-১৯ জনিত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।
দেশৰ একাংশ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকৰ আয়োজন কৰা হয়।
উল্লেখ্য যে যোৱা জানুৱাৰীত অনুষ্ঠিত পূৰ্বৰ পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক সকলো স্তৰতে কঠোৰ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক ৰাজ্যসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰিবলৈ আৰু ৰাজ্য চৰকাৰে কোভিড-১৯ৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল। আজিৰ বৈঠকত সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কোভিডৰ প্ৰসাৰ ৰোধ কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট পক্ষসমূহক তেওঁ নিৰ্দেশ দিয়ে। (AIRNEWS)