প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে আজি ভূটানত ই-ৰূ-পে কাৰ্ডৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচলন ব্যৱস্থা আনুষ্ঠানিকভাৱে মুকলি কৰে। উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদী ভূটান ভ্ৰমণলৈ যোৱাৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে এই প্ৰকল্পৰ প্ৰথমটো পৰ্যায় মুকলি কৰিছিল। ভাৰ্ছুৱেল ব্যৱস্থাৰে আজিৰ অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক’ৱিড-১৯ মহামাৰীৰ জটিল সময়ছোৱাত ভাৰত-ভূটানৰ কাষত থিয় দিছে। ভূটানৰ প্ৰয়োজনসমূহ ভাৰতৰ বাবে সদায়েই সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰূ-পে কাৰ্ডৰ দ্বিতীয় পৰ্যায়ৰ প্ৰৱৰ্তনে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক অধিক গতি প্ৰদান কৰিব।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছ’ৰৰ সহযোগত অহা বছৰ ভূটানৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি দ্ৰুতগতিৰে আগবাঢ়িছে বুলি জানিবলৈ দি প্ৰধানমন্ত্ৰী মোদীয়ে এই বিষয়টোক লৈ আনন্দ প্ৰকাশ কৰে। এই প্ৰকল্পৰ অংশ হিচাপে ভূটানৰ চাৰিগৰাকী মহাকাশ অভিযন্তা ডিচেম্বৰ মাহত ইছ’ৰলৈ আহিব বুলিও তেওঁ লগতে প্ৰকাশ কৰে।
আনহাতে, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিঙে ক’ৱিড-১৯ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ শলাগ লোৱাৰ লগতে এই মহামাৰীৰ পৰৱৰ্তী পৰ্যায়ত ভাৰত অধিক শক্তিশালী হৈ আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে। ক’ৱিডৰ প্ৰতিষেধক উদ্বাৱনৰ প্ৰক্ৰিয়াত ভাৰতে গ্ৰহণ কৰা নেতৃত্বপূৰ্ণ ভূমিকাকসকলোৰে বাবে আশাব্যঞ্জক বুলি অভিহিত কৰি শ্ৰীশ্বেৰিঙে, এই প্ৰতিষেধক প্ৰস্তুত হৈ উঠিলেই ভূটানত ইয়াক সহজলভ্য কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ শলাগ লয়।
উল্লেখ্য যে, ৰূ-পে কাৰ্ডৰ প্ৰথম পৰ্যায়ৰ প্ৰচলনৰ ফলস্বৰূপে ভাৰতৰ পৰা যোৱা লোকসকলে ভূটানৰ এ টি এমৰ জৰিয়তে ধনৰ লেনদেন কৰিবলৈ সমৰ্থ হৈছিল। এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰৱৰ্তন ব্যৱস্থাৰ ফলত ভূটানৰ কাৰ্ডৰ গৰাকীসকলে ভাৰতত থকা ৰূ-পে নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। (AIR NEWS)