A part of Indiaonline network empowering local businesses
Chaitra Navratri

মণিপুৰৰ ৰাজনৈতিক সংকটৰ অৱসান

news

ইম্ফল: অৱশেষত যৱনিকা পৰিল প্ৰায় এপষেক ধৰি মণিপুৰত চলি থকা ৰাজনৈতিক নাটকৰ। কালি বিয়লি ৬ বজাত এনপিপিৰ মুৰব্বী কনৰাড চাংমা আৰু নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েঞ্চৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ৪জন বিসম্বাদী বিধায়কক লৈ আহে অমিত শ্বাহৰ বাসগৃহলৈ। বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰে দলটোৱে।

মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰৰ সংগ এৰা চাৰি এনপিপিৰ বিধায়ক ক্ৰমে ওয়াই জয়কুমাৰ, এন কায়িচি, লেটপাও হাউকিপ আৰু এল জয়ন্ত কুমাৰ সিঙৰে অমিত শ্বাহ এলানি আলোচনাত মিলিত হয়। বৈঠকৰ শেষত অপেক্ষাৰত সাংবাদিকক একো কথা সদৰি নকৰি শৰ্মা, চাংমা আৰু চাৰি বিধায়ক পোনে পোনে বিমানবন্দৰলৈ ৰাওনা হয়।

অৱশ্যে বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে অমিত শ্বাহৰে বৈঠকৰ পিছত এনপিপি আৰু বিজেপি দলে মণিপুৰৰ উন্নয়নৰ কাৰণে একেলগে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। হিমন্ত বিশ্ব শর্মাৰ টুইটৰ পাছত মণিপুৰৰ ৰাজনৈতিক সংকটৰ অন্ত পৰিল আৰু বিজেপি চৰকাৰৰ পতন নহয় বুলি ধৰি ল’ব পাৰি।

উল্লেখযোগ্য যে বিসম্বাদৰ নেতৃত্ব দিয়া ওয়াই জয়কুমাৰ আৰু এন বীৰেন সিঙৰ ৰাজনৈতিক শত্রুতা পুৰণি বুলি ক’ব খোজে মণিপুৰৰ স্বতন্ত্ৰ ৰাজনৈতিক বিশ্লেষকসকলে। মুখ্যমন্ত্ৰীয়ে জয়কুমাৰৰ বহুকেইটা বিভাগ আঁতৰাই আনি তেওঁক শক্তিহীন কৰি তুলিছিল।  (INDIAONLINE)

1391 Days ago