A part of Indiaonline network empowering local businesses
Chaitra Navratri

মানুহৰ মাজলৈ ওলাই আহিব বিচাৰে জুবিন গাৰ্গে

news

গুৱাহাটী: ক্ৰমাৎ সুস্থ হৈ উঠিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। বৰ্তমান আই চি ইউত নহয়, মানুহৰ মাজলৈ ওলাই আহিব বিচাৰে শিল্পীজনে।  

যোৱা শুকুৰবাৰে হঠাৎ অসুস্থ হৈ উঠা জুবিন গাৰ্গক এতিয়াও নেমকেয়াৰ হাস্পতালৰ আই চি ইউতে ৰখা হৈছে। চিকিৎসকে জনোৱা মতে হাস্পতালৰ পৰা ওলাই গ’লেই আকৌ নিজৰ কাম, মানুহৰ মাজত ব্যস্ত হৈ পৰিব সকলোৰে হিয়াৰ আমঠুজন। সেয়েহে হাস্পতালতে জুবিনক জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে। জুবিনক শাৰীৰিক আৰু মানসিক জিৰণিৰ প্ৰয়োজন। 

সদ্যহতে আই চি ইউৰ ভিতৰতে খোজ কাঢ়িছে জুবিন গাৰ্গে লগতে সুস্থ হ’বলৈ ভালদৰে আহাৰ গ্ৰহণ কৰিছে। অন্ততঃ তিনি–চাৰিদিন হাস্পতালতে বিশ্ৰাম ল’বলৈ জুবিনক পৰামৰ্শ দিছে চিকিৎসকে। 

উল্লেখ যোগ্য যে ৰাজ্যবাসীৰ প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ আশুআৰোগ্য কামনা কৰি অনুৰাগীসকলে তেওঁক পূৰ্বৰ দৰে চাবলৈ অতি উদ্বিগ্নতাৰে বাট চাই আছ। (INDIA ONLINE)

1506 Days ago