A part of Indiaonline network empowering local businesses
Chaitra Navratri

মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতেই বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অসম আৰক্ষীৰ

News

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা বাবে কঠোৰ নিৰ্দেশ দিয়াৰ পাছত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে। ধেমাজি জিলাত আৰক্ষীয়ে আজি বাল্য বিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত ৩৫জন লোকক গ্ৰেপ্তাৰ কৰিছে৷ জিলাখনত এতিয়ালৈকে ১০০টা গোচৰ পঞ্জীভুক্ত হোৱা বুলি প্ৰকাশ কৰি আৰক্ষীয়ে জনাইছে যে শীঘ্ৰেই আন অভিযুক্তসকলকো গ্ৰেপ্তাৰ কৰা হ'ব।
ইপিনে ডিব্ৰুগড়তো বাল্যবিবাহত জড়িতসকলৰ বিৰুদ্ধে প্ৰশাসন তৎপৰ হৈ উঠিছে আৰু এতিয়ালৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্রই জানিবলৈ দিয়া মতে জিলাখনত বাল্য বিবাহ বিৰোধী তথা পক্সো আইনৰ অধীনত ৮৩টা গোচৰ ৰুজু হৈছে আৰু এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা পাঁচোজনকেই আদালতত হাজিৰ কৰা হৈছে। আনহাতে শিৱসাগৰ আৰক্ষীয়ে যোৱা নিশাৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বাল্য বিবাহৰ সৈতে জৰিত ১৩জন ব্যক্তিক আটক কৰিছে। ইয়াৰে এজন - এগৰাকী নাবালিকাৰ স্বামী আৰু আন ১২জন অভিযুক্তৰ নিকট আত্মীয়। কামৰূপ জিলা আৰক্ষীয়ে বিভিন্ন থানা এলেকাত যোৱা নিশাৰ পৰা অভিযান চলাই বাল্য বিবাহৰ সৈতে জড়িত ৭০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আজি এখন সংবাদমেল জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে। জিলাখনত বৰ্তমানলৈকে বাল্য বিবাহ সম্পৰ্কীয় ৮০টা গোচৰ ৰুজু হোৱা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।
ইপিনে বৰপেটা জিলা আৰক্ষীয়ে শেহতীয়াকৈ ২৪ঘণ্টাত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই ১১৪জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত সৰহ সংখ্যকেই অভিযুক্ত স্বামী তথা কাজী বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। চিৰাং জিলাতো ৭খন থানাৰ আৰক্ষীয়ে বাল্যবিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ ৪০জন লোকক আটক কৰিছে। জিলা সদৰ কাজল গাঁও থানাত সর্বাধিক ১০জন, বিজনী থানাত ৫জন, বাসু গাঁও থানাত ৭জন, চিদলি থানাত ৬জন, ৰুণিখাটা থানাত ৩জন, আমগুৰি থানাত দুজন আৰু পাণবাৰী থানাত ৭জনক আটক কৰা হাছে। ৰাজ্যৰ হস্ততাঁত, বস্ত্রশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপক যুগান্তকাৰী সিদ্ধান্ত বুলি অভিহিত কৰিছে। (AIR NEWS)

439 Days ago