A part of Indiaonline network empowering local businesses
Chaitra Navratri

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ কথা চিন্তা কৰিছে

news

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ জৰিয়তে জনসাধাৰণক সুৰক্ষা দিবলৈ নদীসমূহৰ বিজ্ঞানসন্মত অধ্যয়ন কৰিবই লাগিব। তেওঁ কৈছে যে ৰাজ্যৰ দুৰ্বল মথাউৰিসমূহ শক্তিশালীভাৱে গঢ় দিব নোৱাৰিলে বান আৰু খহনীয়া সমস্যা সমাধান কৰাটো সম্ভৱ নহয়। গুৱাহাটীত কালি জলসম্পদ বিভাগৰ ৬৫ গৰাকী নৱনিযুক্ত সহকাৰী অভিযন্তাক নিযুক্তিপত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, নৱনিযুক্ত সহকাৰী অভিযন্তাসকলে বান আৰু খহনীয়াই সৃষ্টি কৰা প্ৰত্যাহ্বান গ্ৰহণ কৰি উদ্ভাৱনীমূলক চিন্তা চৰ্চাৰে কৰ্মত নিয়োজিত হ’ব লাগিব। আনহাতে, মথাউৰিসমূহ যাতে বিজ্ঞানসন্মতভাৱে মেৰামতি কৰা হয় তাৰ বাবে, অক্টোবৰ মাহৰ পৰাই কাম আৰম্ভ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চলিত বৰ্ষত বাৰিষাৰ সময়ছোৱাতে কেইবাটাও ভগা মথাউৰিৰ মেৰামতিৰ কাম হাতত লোৱা হৈছে। গাই নদীৰ দৰে বিশাল প্ৰত্যাহ্বান থকা নদীয়ে ভঙা মথাউৰি এসপ্তাহৰ ভিতৰতে মেৰামতি কৰা হৈছে বুলি তেওঁ কয়। (INDIAONLINE)

1347 Days ago