A part of Indiaonline network empowering local businesses
Chaitra Navratri

ম্যানমাৰৰ সামৰিক হিংসাৰ বৰ্ধিত ঘটনাত চিন্তিত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছ

news

ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছে কৈছে যে, ম্যানমাৰৰ সামৰিক হিংসাৰ বৰ্ধিত ঘটনাই তেওঁক চিন্তিত কৰি তুলিছে। শ্ৰীগুটেৰেছে এটা বিবৃতিযোগে কৈছে যে, আন্দোলনকাৰীসকলৰ হত্যা, গ্ৰেপ্তাৰ আৰু কয়দীসকলৰ ওপৰত চলোৱা নিৰ্যাতনৰ দৰে ঘটনাই মানৱ অধিকাৰ হনন কৰে। তেওঁ লগতে দেশখনত অব্যাহত থকা সৈন্য বাহিনীৰ দমনমূলক কাম-কাজ বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনায়। ৰাষ্ট্ৰসংঘৰ মতে দেশখনত পহিলা ফেব্ৰুৱাৰীত হোৱা সামৰিক অভ্যুত্থানৰ পাছৰে পৰা এতিয়ালৈকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ১৩৮ জন লোকক হত্যা কৰা হৈছে। ইপিনে, ম্যানমাৰত ব্যাপক প্ৰতিবাদ আৰু আৰক্ষীৰ গুলীচালনাৰ ঘটনা অব্যাহত আছে। ৰাজনৈতিক বন্দীসকলক সহায় প্ৰদান কৰা এটা সংগঠনৰ পৰা জানিব পৰা মতে দেওবাৰে ৩৮ গৰাকী লোকৰ মৃত্যুৰ পাছত কালিও আৰক্ষীৰ গুলীত কমেও ২০ জন লোকে প্ৰাণ হেৰুৱায়।
নেটব্লকছ নামৰ নেটৱৰ্ক যোগাযোগ নিৰীক্ষণ সংস্থাটোৰ পৰা জানিব পৰা মতে ম্যানমাৰত দুই তিনিদিন ধৰি মোবাইল ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে। অৱশ্যে দেশখনত ফিক্সড লাইন ৱাই-ফাই সেৱা বাহাল কৰা হৈছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। (AIR NEWS)

1130 Days ago