গুৱাহাটী: পদ্মশ্ৰী যাদৱ পায়েঙলৈ ব্ৰিটিছ হাই কমিচনৰ ‘পইণ্টছ অফ লাইট’ বঁটা। এই সন্মান লাভ কৰা অৰণ্য মানৱ যাদৱ পায়েং হৈছে প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি। কালি নিশা গুৱাহাটীত ফৰেষ্ট মেন অৱ ইণ্ডিয়া খ্যাত পায়েঙক ১২৮ সংখ্যক কমনৱেল্থ পইণ্ট ইৱ লাইট বঁটাৰে সন্মান জনোৱা হয়।
ব্ৰিটিছ ডিপুটি হাই কমিছনাৰে যাৱদ পায়েঙৰ কৰ্মৰাজিৰ বাবে এই সন্মান আগবঢ়াই। বিদেশী পৰ্যটকসকলৰ বাবে ‘ওৱান মেন আৰ্মি’ খ্যাত পায়েঙক এই সন্মান যাচিবৰ বাবেই ব্ৰিটিছ কমিছনাৰে গুৱাহাটীত এক বিশেষ সন্মান সমাৰোহৰ আয়োজন কৰে। এই সমাৰোহৰ গুৰু দ্বায়িত্ব বহন কৰে কলিকতাস্থিত ব্ৰিটিছ ডিপুটি হাই কমিছনাৰৰ কনছুল জেনেৰেল নিক ল’য়ে।
যাদৱ পায়েঙক প্ৰকৃতি তথা পৰিবেশলৈ আগবঢ়োৱা অৱদানৰ কাৰণে অসম কৃষি বিশ্ব বিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰীৰ সন্মান আগবঢ়ায়। ২০১৫ চনত যাদৱ পায়েঙক ভাৰতৰ চতুৰ্থ বৃহৎ পুৰস্কাৰ পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰা হৈছিল। ইয়াৰ পিছত ২০১৩ চনৰ অক্টোবৰ মাহত যাদৱ পায়েঙক ইণ্ডিয়ান ইনষ্টিটিউড অৱ ফৰেষ্ট মেনেজমেন্টে বিশেষভাৱে সন্মানিত কৰে। (INDIA ONLINE)