A part of Indiaonline network empowering local businesses
Chaitra Navratri

যোৰহাট-মাজুলী সংযোগী পথক ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

news

কেন্দ্ৰীয় চৰকাৰে যোৰহাটৰ পৰা মাজুলী সংযোগী পথছোৱাক ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘািপথ মন্ত্ৰ্যালয়ে যোৱা ১৭ নৱেম্বৰত প্ৰকাশ কৰা এখন জাননীৰ জৰিয়তে যোৰহাটৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হ’বলগীয়া পথছোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ঘোষণা কৰিছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই, ইয়াৰ ফলত মাজুলী জিলাৰ আৰ্থ সামাজিক, সাংস্কৃতিক, পৰিবহণ আদি দিশত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগৰ এখন প্ৰেছ বিজ্ঞপ্তিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হৈছে যে, এই ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। (AIR NEWS)

1245 Days ago