কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে আগতীয়াকৈ প্ৰযুক্তি আৰু ডিজিটীয় ব্যৱস্থা গ্ৰহণ কৰি অমৃত কালত বৃহৎ শক্তিত পৰিণত হ’ব পাৰে। মুম্বাইত আজি লঘু উদ্যোগ ভাৰতীয়ই মহাৰাষ্ট্ৰ অধিৱেশনত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে দক্ষতা উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ইণ্টাৰনেট প্ৰযুক্তিৰ লেখীয়া প্ৰযুক্তিৰ ব্যৱহাৰ আৰু প্ৰয়োজনক অগ্ৰাহ্য কৰিব নোৱাৰে। চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ প্ৰস্তুত বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক ইয়াৰ সংস্থাসমূহৰ সহায়ত তথ্য নিৰ্ভৰ গৱেষণা চলাবলৈ আহ্বান জনায়। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এনেধৰণৰ গৱেষণাই অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বজাৰৰ সুবিধা প্ৰাপ্তিত সহায় কৰাৰ লগতে দেশক অৰ্থনৈতিক শক্তিক পৰিণত কৰাত সহায় কৰিব। দক্ষ বনুৱাৰ নিয়োগত গুৰুত্ব আৰোপ কৰি শ্ৰীমতী সীতাৰমণে কয় যে, বিভিন্ন অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ গোটে নিজা প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিছে য’ত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষাৰ্থীক দক্ষতাৰ বিকাশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে, এনে প্ৰতিষ্ঠানসমূহে উদ্যোগসমূহৰ প্ৰয়োজন অনুসৰি পৰ্যাপ্ত পৰিমাণে দক্ষ কৰ্মশক্তি সম্পন্ন লোকক গঢ়ি তোলাটো নিশ্চিত কৰিলে চৰকাৰে প্ৰয়োজনীয় সহায় আগবঢ়ায়। চৰকাৰে ভৱিষ্যতে অধিক সংখ্যক এনে প্ৰতিষ্ঠানত সহায় আগবঢ়াবলৈ তেওঁ উল্লেখ কৰে। শ্ৰীমতী সিতাৰমণে কয় যে, কৰোনা মহামাৰী আৰু ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ বাধা স্বত্বেও দেশে ২০২৭ চনৰ ভিতৰত বিশ্ব চতুৰ্থ বৃবৎ অৰ্থনীতিত পৰিণত হোৱাৰ সম্ভাৱনাৰে চলিত বছৰত অৰ্থনৈতিক ক্ষেত্ৰত ক্ষিপ্ৰ বিকাশৰ দিশে অগ্ৰসৰ হৈছে। (AIR NEWS)