অলিম্পিকৰ পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইলৈ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চাঁদ খেলৰত্ন বঁটা আগবঢ়োৱা হৈছে। মেজৰ ধ্যান চাঁদ বঁটা লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া। এদিন পূৰ্বে ২০২০ বৰ্ষৰ অৰ্জুন বঁটাৰ স্মাৰক গ্ৰহণ কৰা খেলুৱৈগৰাকীক দেশৰ আন ১১ গৰাকী খেলুৱৈৰ সৈতে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান পদকপ্ৰাপকৰ তালিকাত স্থান দিয়া হৈছে। উল্লেখযোগ্য যে বিগত চাৰি বছৰ ধৰি ক্ৰীড়া ক্ষেত্ৰত সৰ্বোৎকৃষ্ট প্ৰৰ্দশন কৰা খেলুৱলৈ ২০২১ বৰ্ষৰ অৰ্জুন বঁটা আৰু ৫ গৰাকী প্ৰশিক্ষকক নিয়মীয়া শিতানত দ্ৰোণচাৰ্য বঁটা আগবঢ়োৱা হৈছে। (AIR NEWS)