সমগ্ৰ দেশত আজি দশম তথা অন্তিমগৰাকী শিখগুৰু শ্ৰীগুৰুগোৱিন্দ সিঙৰ ৩৫৫ সংখ্যক জন্মবাৰ্ষিকী পালন কৰা হৈছে। ইয়াক প্ৰকাশ পৰ্ব হিচাপেও জনা যায়।
এই উপলক্ষে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ওলগ জনাইছে।
শ্ৰীনাইডুৱে এটা টুইট বাৰ্তাত কয় যে গুৰুগোৱিন্দ সিং নিঃস্বাৰ্থ সেৱা আৰু ধৰ্মপৰায়ণতা প্ৰতীক আছিল। তেওঁ কয় যে, গুৰুগোৱিন্দ সিঙে বৃহত্তৰ ভালৰ বাবে কাম কৰি যাবলৈ জনসাধাৰণক অনুপ্ৰেৰণা যোগাই যাব।
ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ বাৰ্তাত কয় যে, গুৰুগোৱিন্দ সিঙৰ জীৱন আৰু বাণীয়ে লাখ লাখ লোকক শক্তি যোগাই আহিছে। (AIRNEWS)