A part of Indiaonline network empowering local businesses
Chaitra Navratri

শিৱসাগৰৰ উন্নয়ণৰ বাবে কেন্দ্ৰীয় বাজেটত পুঁজি নিৰ্ধাৰণ

news

গুৱাহাটী: কিছুদিন আগত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২০-২১ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে। ১১ ফেব্ৰুৱাৰীলৈ বাজেট অধিৱেশনৰ প্ৰথম চৰণ চলিব। দেশৰ পৰ্যটন বিভাগৰ উন্নয়নৰ বাবে বাজেটত ২৫০০ কোটি টকাৰ আৱণ্টন কৰিলে কেন্দ্ৰীয় চৰকাৰে। 

উল্লেখযোগ্য যে ৫ প্ৰত্নতাত্বিক স্থানৰ ভিতৰত অন্তভুৰ্ক্ত হৈছে অসমৰ শিৱসাগৰ জিলা, হাৰিয়ানাৰ ৰাখিগঢ়ি, উত্তৰ প্ৰদেশৰ হস্তিনাপুৰ, গুজৰাটৰ ধোলাৱিৰা আৰু তামিলনাডুৰ আদিচানাল্লুৰ। আনহাতে ২ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ বাজেটৰ দ্বিতীয় চৰণ চলিব। (INDIA ONLINE)

1537 Days ago