A part of Indiaonline network empowering local businesses
Chaitra Navratri

শুকুৰবাৰৰ পৰা গুৱাহাটীত বাৰ খোলাৰ অনুমতি

news

গুৱাহাটী: ৰাজ্যত অব্যাহত আছে ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা। ইয়াৰ মাজতে আজিৰ পৰা গুৱাহাটীৰ বাৰসমূহ পুনৰ খোলাৰ অনুমতি দিয়া হৈছে৷ ক’ৰণা ভাইৰাছৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ পাছৰে পৰা বাৰসমূহ বন্ধ হৈ আছে৷ সুৰাৰ দোকান খোলাৰ অনুমতি যথেষ্ট আগতে দিয়া হৈছিল যদিও বাৰ খোলাৰ ক্ষেত্রত অনুমতি দিয়া নাছিল৷ 

আজিৰ পৰা পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈকে খোলা থাকিব বাৰসমূহ। উল্লেখযোগ্য যে বাৰসমূহ খোলাৰ অনুমতি দিয়া হৈছে যদিও সামাজিক দূৰত্বকে ধৰি সকলো সাৱধানতামূলক ব্যৱস্থা গ্রহণ কৰাটো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে।  (INDIAONLINE)

1350 Days ago