A part of Indiaonline network empowering local businesses
Chaitra Navratri

শোণিতপুৰত দুৰ্বৃত্তৰ আক্ৰমণ, সান্ধ্য আইন জাৰি

news

শোণিতপুৰ: ৰাম মন্দিৰৰ ভূমিপূজন সুকলমে সম্পন্ন হ’ল যদিও ৰাম মন্দিৰ ভূমি পূজনৰ পিছতে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে শোণিতপুৰ জিলা। ভূমি পূজনৰ উল্লাসত ৰেলী কৰি ওলাই অহা বজৰং দলৰ একাংশ নেতাৰ ওপৰত জঁপিয়াই পৰিল একাংশ উত্তেজিত লোকে। 

এই সংঘৰ্ষত ৪খন মটৰ চাইকেলৰ লগতে এখন চাৰিচকীয়া বাহন জ্বলাই দিয়ে একাংশ লোকে। এই ঘটনা সংঘটিত হোৱা ঠাইত সন্ধিয়া জিলা উপাযুক্ত উপস্থিত হয় আৰু তেওঁকো আক্ৰমণৰ অপচেষ্টা কৰে একাংশই। আৰক্ষীয়ে গুলীচালনা আৰু লাঠিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

বৰ্তমানেও পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱা নাই আৰু অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঠেলামৰাৰ লগতে ঢেকীয়াজুলি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলটোত জাৰি কৰা হৈছে সান্ধ্য আইন। বুধবাৰে নিশা ১০ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত বাহাল থাকিব সান্ধ্য আইন।  (INDIAONLINE)

1351 Days ago