A part of Indiaonline network empowering local businesses
Chaitra Navratri

ষোড়শ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰোমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইটালীত আয়োজিত ষোড়শ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰোমত উপস্থিত হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ ড্ৰাঘিৰ আমন্ত্ৰণক্ৰমে শ্ৰীমোদীয়ে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ইটালীত হ’বলগীয়া এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, জি-২০ৰ সদস্য ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ মুৰব্বীসকলৰ লগতে ইউৰোপীয় সংঘ, আন নিমন্ত্ৰিত ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহেও এই শীৰ্ষ সন্মিলনত ভাগ ল’ব।
এই ভ্ৰমণসূচীৰ প্ৰথমভাগত প্ৰধানমন্ত্ৰী মোদীয়ে আজি ইউৰোপীয় পৰিষদৰ অধ্যক্ষ চাৰ্লছ মিছেল আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ ভন ডাৰ লেয়েণ্ডৰ সৈতে এখন যুটীয়া বৈঠকত মিলিত হয়। বৈঠকত নেতাসকলে এখন উন্নত বিশ্বৰ হকে অৰ্থনৈতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰা বিভিন্ন উপায় লৈ আলোচনা কৰে।
ইয়াৰ পাছত তেওঁ পিয়াজ্জা গান্ধীলৈ গৈ মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত পুষ্পাঞ্জলি তৰ্পণ কৰে। তাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰীক বিপুলভাৱে আদৰণি জনায়। শ্ৰীমোদীয়ে পিয়াজ্জা গান্ধীত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। ৰোমত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব আৰু কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে। (AIR NEWS)

902 Days ago