A part of Indiaonline network empowering local businesses
Chaitra Navratri

সংসদ চৌহদৰ পৰা বিজয় চʼকলৈ বিৰোধী দলসমূহৰ প্ৰতিবাদী সমদল

News

সংসদ চৌহদৰ পৰা বিজয় চৌকলৈ বিৰোধী দলসমূহে আজি এটা প্ৰতিবাদী সমদল উলিয়ায়। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ, আদানি গোটৰ বিষয়টো সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ লগতে বিভিন্ন ক্ষেত্ৰত কেন্দ্ৰীয় বলবৎকাৰী সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ তুলি এই সমদল উলিওৱা হয়। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গে, দলৰ নেতা ছোনিয়া গান্ধী, ডি এম কে টি আৰ বালু, আম আদমি পাৰ্টীৰ সুশীল গুপ্তা, সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাদৱ, বি আৰ এছৰ কে কেশৱ ৰাও, চি পি আই এমৰ ইলামাৰাম কৰিম, শিৱসেনা ইউ বি টিৰ প্ৰিয়ংকা চতুৰ্বেদি, আৰ জে ডিৰ মনোজ ঝাৰ লগতে অন্যান্য নেতাসকলে এই প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

ভালেসংখ্যক বিৰোধী দলৰ সদস্যই ক’লা কাপোৰ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে বিৰোধী দলসমূহে কংগ্ৰছ সভাপতিৰ কাৰ্যালয়ত সংসদত তেওঁলোকৰ কাম-কাজ সন্দৰ্ভত ৰূপৰেখা প্ৰস্তুতৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়।

 
 
  (AIR NEWS)

388 Days ago