A part of Indiaonline network empowering local businesses
Chaitra Navratri

সতীৰ্থ বিধায়কৰে গুৱাহাটীত শিৱসেনাৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী নেতা একনাথ সিন্ধেৰ বৈঠক

News

অসমৰ গুৱাহাটীত শিৱসেনাৰ মহাৰাষ্ট্ৰৰ বিদ্ৰোহী নেতা একনাথ সিন্ধেই তেওঁৰ অনুগামী বিধায়কসকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই ৪০ গৰাকী শিৱসেনাৰ বিদায়কক কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হৈছে। দুগৰাকী অতিৰিক্ত বিধায়ক গুৱাহাটীলৈ অহাৰ সম্ভাৱনা আছে। অসমৰো ৩-৪ জন বিজেপি বিধায়কে শিৱসেনাৰ বিধায়কসকলৰ সৈতে যোগাযোগত আছে বুলি জানিব পৰা গৈছে। আনহাতে, এইক্ষেত্ৰত বিজেপি বা শিৱসেনাৰ কোনো নেতাই মতামত জনোৱা নাই। বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে শিৱসেনাৰ বিধায়কসকলক বিমানবন্দৰৰ পৰা আদৰি আনে। শিৱসেনাৰ কিছু বিধায়কৰ সৈতে বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ ব্যক্তিগত পৰ্যায়ত সম্পৰ্ক থকাৰ বাবে বিমানবন্দৰলৈ আনিবলৈ যোৱা বুলি তেওঁ মন্তব্য কৰিছে। (IMPUT FROM AIR )

665 Days ago