A part of Indiaonline network empowering local businesses
Chaitra Navratri

সমগ্ৰ দেশত ভূমি স্বাস্থ্য কাৰ্ড দিৱস পালন

News

সমগ্ৰ দেশতে আজি ভূমিস্বাস্থ্য কাৰ্ড দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৫ চনৰ ১৯ফেব্ৰুৱাৰীত ৰাজস্থানৰ চুৰাটগড়ৰ পৰা ভূমি স্বাস্থ্যকাৰ্ড আঁচনিৰ শুভাৰম্ভ কৰিছিল। ভূমিৰ পৰিপুষ্টিজনিত আসোঁৱাহসমূহ দূৰ কৰাৰ অৰ্থে প্ৰতিদুবছৰৰ মূৰে মূৰে খেতিয়কসকলক ভূমি স্বাস্থ্য কাৰ্ড প্ৰদান কৰাই এই আঁচনিৰ মূললক্ষ্য। এই আঁচনিখনে উৎপাদন বৃদ্ধিৰ জৰিয়তেকৃষকসকলৰ অতিৰিক্ত আয়ৰ পথ নিশ্চিত কৰাৰ লগতে স্থায়ী খেতিত উদ্গণি যোগায়। আঁচনিখনমুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে খেতিয়কসকলে তেওঁলোকৰ ভূমিৰস্বাস্থ্যজনিত স্থিতিৰ বিষয়ে জনা উচিত। তেওঁ লগতে ভূমিৰ স্বাস্থ্যজনিত স্থিতি সৱলনহলে কৃষিজাত উৎপাদনবৃদ্ধি নাপায় বুলিও উল্লেখ কৰিছিল। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত কৃষি বিভাগৰসচিব সঞ্জয় আগৰৱালে কয় যে এই আঁচনিৰ বাবে বিগত পাঁচটা বছৰত বিভিন্ন শস্যৰ উৎপাদন নিৰন্তৰভাৱেবৃদ্ধি পাই আহিছে। দেশৰ সকলো খেতিয়কলৈ ভূমি স্বাস্থ্য কাৰ্ড জাৰি কৰাত ৰাজ্যচৰকাৰক সহায় কৰাৰ উদ্দেশ্যে এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে। এই আঁচনিৰ অধীনতখেতিয়কসকলক তেওঁলোকৰ ভূমিৰ পৰিপুষ্টিজনিত স্থিতিৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ভূমিৰস্বাস্থ্য আৰু উৰ্বৰতা বৃদ্ধিৰ বাবে প্ৰয়োগ কৰিবলগীয়া পুষ্টিকৰ উপাদানৰ মাত্ৰাসন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱা হয়।এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত ২০১৫ৰ পৰা ২০১৭ চনলৈ১০ কোটি ৭৪ লাখ আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত ২০১৭ৰ পৰা ২০১৯ চনলৈ ১১ কোটি ৭৪ লাখভূমি স্বাস্থ্য কাৰ্ড জাৰি কৰা হৈছে। চৰকাৰে এই আঁচনিৰ নামত ৭০০ কোটি টকাতকৈও অধিকপৰিমাণৰ ধন ব্যয় কৰিছে। (AIR NEWS)

1520 Days ago