সমগ্ৰ দেশতে আজি হিন্দী দিৱস পালন কৰা হয়। উল্লেখ্য যে, ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিৰে লিখা হিন্দীক দেশৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। বিশ্বৰ বহুলভাৱে কথিত ভাষাসমূহৰ ভিতৰত হিন্দী অন্যতম আৰু ই হ’ল ৫ কোটি ২০ লাখতকৈ অধিক লোকৰ প্ৰথম ভাষা। কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো হিন্দীৰ মৰ্যাদা বৃদ্ধি পাইছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত দিয়া ভাষণৰ কথা আজিও স্মৰণ কৰা হয়।
হিন্দী দিৱস উপলক্ষে নতুন দিল্লীৰ এটা অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে দেশ অকল উৎপাদন আৰু ব্যৱসায়িক ব্যৱস্থাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’লেই নহ’ব, বৰঞ্চ ভাষাৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰ হ’ব লাগিব।
উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে হিন্দী দিৱস উপলক্ষে জনসাধাৰণক ওলগ জনায় (AIR NEWS)