A part of Indiaonline network empowering local businesses
Chaitra Navratri

সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে আজি গুৰু নানকৰ ৫৫১ সংখ্যক জয়ন্তী আৰু গুৰুপৰ্ব উৎসাহ উদ্দীপনাৰে পালন

news

ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় পৰম্পৰাৰে গুৰু নানকৰ ৫৫১ সংখ্যক জয়ন্তী আৰু গুৰুপৰ্ব উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। শিখ ধৰ্মৰ প্ৰৱৰ্তকগৰাকীৰ জয়ন্তী উপলক্ষে আজি গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰা হৈছে। অমৃতচৰৰ স্বৰ্ণ মন্দিৰতো ব্যাপক উলহ-মালহেৰে গুৰুপৰ্ব পালন কৰা হয়। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে জয়ন্তী উপলক্ষে শিখসকলৰ লগতে সকলো ধৰ্মাৱলম্বী লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত কোবিন্দে কয় যে গুৰু নানকৰ জীৱন আৰু শিক্ষাই সকলো লোককে অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ লগতে কয় যে গুৰু নানকে একতা, সহভাৱ, বন্ধুত্ব আৰু সেৱাৰ পথ দেখুওৱাৰ লগতে আত্মসন্মানেৰে জীৱন শৈলী প্ৰস্তুত কৰিবলৈ পথ দেখুৱাই গৈছে। উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱেও গুৰুনানকৰ জয়ন্তী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত নাইডুৱে কয় যে শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰুনানকৰ মহান আদৰ্শই সকলোকে অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ন্তী উপলক্ষে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। (AIR NEWS)

1235 Days ago