A part of Indiaonline network empowering local businesses
Chaitra Navratri

স্বাধীনতা দিৱস অনুষ্ঠানৰ বাবে নীতি-নিৰ্দেশনা

news

গুৱাহাটী: ৰাজ্যত ক’ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ১৫ বছৰ পিছত প্ৰথমবাৰৰ বাবে জৰ্জ খেলপথাৰত কেন্দ্ৰীয় ভাবে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস৷ এইবাৰ স্বাধীনতা দিৱস অনুষ্ঠানত নাথাকিব কোনোধৰণৰ সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান। পেৰেডত অসম আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আৰু গৃহৰক্ষী বাহিনীৰ বাহিৰে আন সকলে অংশগ্ৰহণ কৰিব নোৱাৰিব। 

পেৰেডত অংশগ্ৰহণ কৰিব লগা আৰক্ষী, অৰ্ধ সামৰিক বাহিনীৰ প্ৰতিজন বিষয়া জোৱানৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰা হ’ব। নিমন্ত্ৰিত অতিথিসকলেও সামাজিক দুৰত্ব মানি চলিব লাগিব। আনহাতে প্ৰতিখন প্ৰৱেশদ্বাৰতে হেণ্ড চেনিটাইজাৰৰ লগতে ইনফ্ৰাৰেড থাৰ্ম’মিটাৰৰ ব্যৱস্থা কৰা হ’ব। 

সাধাৰণ দৰ্শকৰ বাবেও দিয়া হৈছে বিশেষ নীতি নিৰ্দেশনা৷ সাধাৰণ দৰ্শকে ক’ভিড-১৯ৰ নীতি নিৰ্দেশনাসমূহ মানি চলাৰ লগতে পেৰেড উপভোগ কৰাৰ সময়ছোৱাত সামাজিক ব্যৱধান মানিব লাগিব। 

স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে কোনো উগ্ৰপন্থী সংগঠনে কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণেও মহানগৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে৷ জৰ্জ খেলপথাৰত কৰা হৈছে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা।  (INDIAONLINE)

1344 Days ago