চৰকাৰে হস্ততাঁতৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীক উদগণি যোগাবৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এনে সামগ্ৰীৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে বিগত দুটা বছৰত ভাৰ্ছুৱেল ব্যৱস্থাৰ জৰিয়তে ২২ খন বজাৰৰ আয়োজন কৰে। বস্ত্ৰ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। হস্ততাঁত শিল্পৰ সামগ্ৰী বিক্ৰীৰ উদ্দেশ্যে দেশত ২০২১-২২ বিত্তীয় বৰ্ষত প্ৰত্যক্ষ ব্যৱস্থাৰে মুঠ ২১৪ টা বজাৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰকাশ কৰা মতে এনে সামগ্ৰীৰ উৎপাদন আৰু ক্ৰয়-বিক্ৰয়ৰ জৰিয়তে উপাৰ্জন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দেশৰ ভিন ভিন ৰাজ্যত ইতিমধ্যে ১৩৫ টা হস্ততাঁত সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে। (AIR NEWS)