A part of Indiaonline network empowering local businesses
Chaitra Navratri

হিমাচল প্ৰদেশৰ ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ লৈ বৃদ্ধি

news

হিমাচল প্ৰদেশৰ কিন্নৌৰ জিলাত কালি হোৱা ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ নেগুলচাৰিত কালি হোৱা ভূমিস্খলনৰ পাছত নিৰুদ্দিষ্ট হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ বাবে ক্ষীপ্ৰ গতিত অভিযান চলাই থকা হৈছে। অভিযানকাৰী দলে ১৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ১৩ জনক জীৱন্তে উদ্ধাৰ কৰে। এই ভূমিস্খলনত মাটিৰ তলত আৱদ্ধ হৈ থকা লোকৰ সন্ধানত আজি পুৱা ৬ বজাৰ পৰা ৰাজ্যখনৰ আৰক্ষী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ভাৰত-তীব্বত সীমান্ত আৰক্ষী আৰু গৃহৰক্ষী বাহিনীয়ে যুটীয়াভাৱে যুদ্ধগতিত অভিযান চলাই আছে। ইতিমধ্যে ৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰা শিল-মাটি আদি আঁতৰ কৰি সেই পথছোৱা পুনৰ যান-বাহনৰ বাবে মুকলি কৰি দিয়া হৈছে। ৰাজ্যিক জৰুৰী অভিযান কেন্দ্ৰই জানিবলৈ দিয়া মতে এই ভূমিস্খলনৰ ফলত কমেও ২৫ ৰ পৰা ৩০ জন লোক ভূমিৰ তলত আৱদ্ধ হৈ আছে। মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে আৰু আহত লোকসকলক প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সহায়ৰ বাবে জিলা কৰ্তৃপক্ষক নিৰ্দেশ দিছে। (AIR NEWS)

980 Days ago