প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ মান্দিত উপস্থিত হয়। তাত তেওঁ ১১ হাজাৰ কোটিৰো অধিক টকাৰ কেইবাটাও জলবিদ্যুৎ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ লগতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰো উপস্থিত থাকে।
প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে আয়োজন কৰা ঐতিহাসিক প্ৰদৰ্শনস্থলীও পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে মান্দি জিলাত আজি ২৮ হাজাৰ ১৯৭ কোটি টকাৰ ২৮৭ টা বিনিয়োগ প্ৰকল্পও মুকলি কৰে। (AIRNEWS)