A part of Indiaonline network empowering local businesses
Chaitra Navratri

হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰিবলৈ দেশৰ লগতে ৰাজ্যৰ চৰকাৰী বিভাগৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ

news

দেশজুৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হ’ব লগা হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰিবলৈ দেশ লগতে ৰাজ্যৰ সকলো চৰকাৰী বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ তথা মহিলা আৰু শিশু বিকাশ আদি বিভাগৰ প্ৰধান সচিব মুকেশ চাহুৱে কালি আকাশবাণীৰ চলন্তিকা অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰিবলৈ বিভাগটোৱে প্ৰতিটো অংশীদাৰ তথা হিতাধিকাৰীসকলৰ মাজত ৰাষ্ট্ৰীয় পতাকাৰ মহত্ব বুজাবলৈ চেষ্টা কৰা হৈছিল । বিভিন্ন স্বায়ত্ত শাসিত পৰিষদ অধীনৰ লোকসকলক হৰ ঘৰ তিৰংগা কাৰ্যসূচী পালন কৰিবলৈ সজাগ কৰা হৈছে। আনহাতে, সামাজিক ন্যায় আৰু সবলীকৰণ তথা মহিলা আৰু শিশু বিকাশ আদি বিভাগৰ প্ৰধান সচিবগৰাকীয়ে শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা ভূমিপুত্ৰ আঁচনি সন্দৰ্ভত কয় যে জাতিগত প্ৰমাণ-পত্ৰ অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হৈছে। জনসেৱা কেন্দ্ৰ, ৰাজহ চক্ৰ কাৰ্যালয় বা গাঁৱে গাঁৱে থকা সাধাৰণ সেৱা কেন্দ্ৰত অনলাইন যোগে জাতিগত প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিব পাৰিব। একে সময়েত জাতিগত প্ৰমাণ-পত্ৰৰ বাবে নূন্যতম প্ৰমাণ পত্ৰৰ হে প্ৰয়োজন হ’ব। প্ৰমাণপত্ৰখন পৰৱৰ্তী সময়তো ডাউনলোড কৰি লোৱাৰ সুবিধা থাকিব। (AIR NEWS)

618 Days ago