A part of Indiaonline network empowering local businesses
Chaitra Navratri

১৫ আগষ্টৰ পৰা ৰাজ্যত বন্ধ হ’ব চৰকাৰী টোল আৰু মাদ্ৰাছা

News

অহা ১৫ আগষ্টৰ পৰা পূৰ্বৰ সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ সকলো চৰকাৰী টোল আৰু মাদ্ৰাছা বন্ধ কৰি দিয়া হ’ব। বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সংস্কৃত ভাষা চৰকাৰী শিক্ষানুষ্ঠানত শিকাব পাৰি যদিও শিক্ষানুষ্ঠানত ধৰ্মৰ পাঠ দিব নোৱাৰি। চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা দিয়া নহয় বুলি তেওঁ দৃঢ়তাৰে ঘোষণা কৰে। একেদৰে মাদ্ৰাছাত আৰৱী ভাষাৰ পাঠ দিব পাৰি যদিও কোৰাণৰ শিক্ষা দিয়াটো চৰকাৰে গ্ৰহণ নকৰে বুলি তেওঁ মন্তব্য কৰে। (AIR NEWS)

1498 Days ago