১৮ বছৰ ঊৰ্ধৰ সকলোৰে বাবে কোৱিড প্ৰতিষেধকৰ নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। কোৱিড প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায়ত পহিলা মে’ৰ পৰা এই লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ’ব। সকলো যোগ্য ব্যক্তিয়ে cowin.gov.in পৰ্টেল যোগে নাম পঞ্জীয়ন কৰিব পাৰিব। এই পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ টীকাকৰণ কেন্দ্ৰসমূহত স্বাস্থ্য কৰ্মী, আগশাৰীৰ কোৱিড যোদ্ধা আৰু ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তিসহ সকলো যোগ্য লোককে পূৰ্বৰ দৰে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হ’ব। এই পৰ্যায়ত প্ৰতিষেধক প্ৰস্তুতকাৰীসকলে মাহিলী উৎপাদন কৰা মুঠ প্ৰতিষেধকৰ ৫০ শতাংশ কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিব আৰু বাকী ৫০ শতাংশ ৰাজ্য অথবা মুকলি বজাৰক প্ৰদান কৰিব। এই পৰ্যায়ত কোনো লোকে প্ৰতিষেধক গ্ৰহণৰ বাবে কেন্দ্ৰ সমূহত গৈ নাম পঞ্জীয়ন কৰিব নোৱাৰিব। ১৮ বছৰ ঊৰ্ধৰ সকলো লোকে কোৱিন মঞ্চৰ যোগেদি নাম পঞ্জীয়ন কৰিব লাগিব। জনসাধাৰণে এই মঞ্চত নিজৰ সবিশেষ পূৰণ কৰিব লাগিব আৰু ফটোযুক্ত পৰিচয়পত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ পাছত তেওঁলোকে নিজৰ বাছনি মতে এটা প্ৰতিষেধক কেন্দ্ৰ নিৰ্ধাৰণ কৰিব লাগিব। নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত হিতাধিকাৰীসকলে এটা বাৰ্তা লাভ কৰিব। প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত এই বাৰ্তাটো দেখুৱাব লাগিব। এই পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য, ব্যক্তিগত চিকিৎসালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠনসমূহকো প্ৰতিষেধক প্ৰস্তুতকাৰীৰ পৰা পোনপটীয়াকৈ প্ৰতিষেধক ক্ৰয়ৰ অনুমতি প্ৰদান কৰিছে। (AIR NEWS)