কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছে যে ২০১৪ বৰ্ষৰ তুলনাত ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা শস্য দুগুণলৈ বৃদ্ধি পাইছে। সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে অকল ন্যূনতম সমৰ্থন মূল্য ব্যৱস্থাৰ অধীনত ধান আৰু ঘেঁহুহে ক্ৰয় কৰা হৈছিল। সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মাহজাতীয় শস্য, তৈল বীজ আৰু কপাহো ন্যূনতম সমৰ্থন মূল্যত ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি শ্ৰীটোমৰে প্ৰকাশ কৰে। তেওঁ কয় যে এন ডি এ চৰকাৰ কৃষকসকলৰ কল্যাণৰ হকে বদ্ধ পৰিকৰ। তেওঁ কয় যে কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক-২০২১ এ প্ৰধানমন্ত্ৰী মোদীৰ কথা আৰু কামৰ মাজত কোনো প্ৰভেদ নাই তাকেই প্ৰতিফলিত কৰে। তেওঁ লগতে কয় যে যিহেতু বিৰোধী পক্ষই আইনকেইখন প্ৰত্যাহাৰৰ বাবে দাবী জনাইছিল, সেয়েহে বিষয়টো সন্দৰ্ভত সদনৰ মজিয়াত আলোচনা কৰাৰ প্ৰয়োজন নাই। (AIRNEWS)