A part of Indiaonline network empowering local businesses
Chaitra Navratri

২০২২ বৰ্ষত কোৱিড-19 অতিমাৰীৰ অন্ত পৰিব - টেড্ৰছ আধানম ঘেব্ৰেয়েছুছ

news

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মুৰব্বী টেড্ৰছ আধানম ঘেব্ৰেয়েছুছে কৈছে যে ২০২২ বৰ্ষত কোৱিড-19 অতিমাৰীৰ অন্ত পৰিব। এটা বৰ্তাত WHO-ৰ মুৰব্বীগৰাকীয়ে কয় যে যদিও কোনো এখন দেশে এতিয়ালৈকে বিপদমুক্ত হৈ উঠিব পৰা নাই, তথাপিতো কোৱিড-19ক প্ৰতিহিত কৰা আৰু ইয়াৰ চিকিৎসাৰ বাবে আমি ভালেমান আহিলা লাভ কৰিবলৈ সমৰ্থ হৈছো। কেৱল কোৱিড-19এই চলিত বছৰটোত বিশ্বৰ জনসাধাৰণ সন্মুখীন হ’বলগীয়া স্বাস্থ্য সম্পৰ্কীয় একমাত্ৰ সমস্যা নহয় বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয় যে সাম্প্ৰতিক সময়ছোৱাত বিশ্বৰ কোটি কোটি লোক নিয়মীয়া প্ৰতিষেধক গ্ৰহণ, পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় সেৱা আৰু বিভিন্ন ৰোগৰ চিকিৎসাৰ লেখিয়া সা-সুবিধাবোৰৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। 

        পৰৱৰ্তী সময়ত বিশ্ববাসী সন্মুখীন হ’ব পৰা মহামাৰী আৰু অতিমাৰীসমূহক প্ৰতিহত কৰাৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাই যুগুতাই উলিওৱা বায়’হাব পদ্ধতিৰ প্ৰসংগও তেওঁ এই সন্দৰ্ভত উল্লেখ কৰে। (AIRNEWS)

836 Days ago