A part of Indiaonline network empowering local businesses
Chaitra Navratri

২০২২-২৩ ৰবি বিপণন বৰ্ষত দেশত ৬৯ লাখ মেট্ৰিক টনতকৈ অধিক ঘেঁহু ক্ৰয়

news

২০২২-২৩ ৰবি বিপণন বৰ্ষত দেশত ৬৯ লাখ মেট্ৰিক টনতকৈ অধিক ঘেঁহু ক্ৰয় কৰা হৈছে। ইয়াৰ জৰিয়তে ৫লাখ ৬৮হাজাৰ কৃষকে ন্যূনতম সমৰ্থন মূল্য হিচাপে ১৩,৯৫১ কোটি টকা লাভ কৰিছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা তথা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে অলপতে মধ্য প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, চণ্ডীগড়, হিমাচল প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানৰ পৰা ঘেঁহু ক্ৰয় কৰা হয়। মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ২০২১-২২ খাৰিফ বিপণন বৰ্ষৰ বাবে ধান সংগ্ৰহৰ প্ৰক্ৰিয়া সুচাৰুৰূপে আগবাঢ়িছে। এতিয়ালৈকে দেশত ৭৫৪ লাখ মেট্ৰিক টনতকৈও অধিক ধান ক্ৰয় কৰা হৈছে। এই ধান ক্ৰয়ৰ জৰিয়তে ১ লাখ ৪৭ হাজাৰ কোটিতকৈও অধিক টকা ন্যূনতম সমৰ্থন মূল্য হিচাপে ১ কোটি ৮ লাখ কৃষকে লাভ কৰিবলৈ সমৰ্থ হৈছে। (AIR NEWS)

729 Days ago