ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২৩ বৰ্ষৰ পদ্ম সন্মানসমূহ প্ৰদান কৰে। ২০২৩ বৰ্ষৰ বাবে ঘোষণা কৰা মুঠ ১০৬টা পদ্ম সন্মানৰ ভিতৰত ৬টা পদ্ম বিভূষণ, ৯ টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী সন্মান আছে। দিলীপ মহালন’বিচক শিশুৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। অ' আৰ এছৰ বহুল ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁ অগ্রণী ভূমিকা গ্ৰহণ কৰি সমগ্ৰ বিশ্বৰ ৫ কোটিতকৈও অধিক লোকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। সমাজবাদী পাৰ্টীৰ প্ৰাক্তন মুৰববী মুলায়ম সিং যাদৱকো মৰণোত্তৰভাৱে পদ্ম বিভূষণেৰে সন্মানিত কৰা হয়। প্রসিদ্ধ তবলাবাদক জাকিৰ হুছেইনকো পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। পদ্মভূষণ লাভ কৰোতাসকলৰ ভিতৰত কানাড়া ঔপন্যাসিক এচ এল ভৈৰপ্পা, উদ্যোগপতি কুমাৰ মংগলম বিৰলা আৰু লেখক তথা সমাজসেৱী সুধা মুৰ্ত্তীও আছে। (AIR NEWS)