অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ২০৩২ চনৰ অলিম্পিক অনুষ্ঠিত হ’ব। আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে আজি এই কথা ঘোষণা কৰিছে। কমিটীৰ বিশেষ আয়োগে অষ্ট্ৰেলিয়াৰ অলিম্পিক কমিটী আৰু ব্ৰীজবেনৰ আয়োজক সমিতিৰ লগত আলোচনাৰ জৰিয়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড প্ৰদেশত ২০১৮ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হৈছিল। ব্ৰীছবেন সু-পৰিকল্পনা বৃহৎ অনুষ্ঠান আয়োজনৰ অভিজ্ঞতা, খেল অনুষ্ঠিত হ’ব পৰা স্থান আৰু সন্তোষজনক বতৰৰ বাবে অলিম্পিক অনুষ্ঠিত হোৱাৰ উপযুক্ত স্থান হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে ইন্দোনেচিয়া, বুদাপেষ্ট, চীন, ডোহা আৰু জাৰ্মানীৰ ৰুৰভেলিকে ধৰি বিভিন্ন দেশ আৰু মহানগৰে অলিম্পিক আয়োজন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। আনহাতে, ২০২১ চনত অলিম্পিক গেমছ জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’ব। কৰোনা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ হ’বলগীয়া এই সৰ্ববৃহৎ প্ৰতিযোগিতাখন পিছুৱাই দিয়া হৈছিল। ফ্ৰান্সৰ পেৰিছত ২০২৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলিছত ২০২৮ চনৰ অলিম্পিক অনুষ্ঠিত হ’ব। (AIR)