A part of Indiaonline network empowering local businesses
Chaitra Navratri

২৬ মাৰ্চত ১৭খন ৰাজ্যৰ ৫৫খন ৰাজ্যসভা আসনৰ বাবে দ্বিবাৰ্ষিক নিৰ্বাচন

news

দেশৰ নিৰ্বাচনী আয়োগে আজি অসমকে ধৰি ১৭ খন ৰাজ্যৰ ৫৫ খন ৰাজ্যসভা আসনৰ বাবেনিৰ্বাচনৰ দিন ঘোষণা কৰিছে। অহা ২৬ মাৰ্চত নিৰ্বচন অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত অসমৰ ৩খন আসন আছে। উল্লেখযোগ্য যে অসমৰ ৩ গৰাকী সাংসদ বিশ্বজিৎদৈমাৰী, ভূৱনেশ্বৰ কলিতা, সঞ্জয় সিঙৰ কাৰ্যকাল অহা ৯ এপ্ৰিলত অন্ত পৰিব। আনহাতে,অসমৰ লগতে মণিপুৰ আৰু মেঘালয়ৰ এখনকৈ আসনৰ বাবেও নিৰ্বচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ বাবে অহা ৬ মাৰ্চত অদিসূচনা জাৰি কৰা হ’ব। ১৩ মাৰ্চ মনোনয়ন দাখিলৰ অন্তিম দিন আৰু ১৬ মাৰ্চত মনোনয়নসমূহ পৰীক্ষাকৰা হ’ব। আনহাতে, ১৮ মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। (AIR NEWS)

1514 Days ago