ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে অহা ২৮ জুনত সংযুক্ত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব। অসম বিজ্ঞান আৰু কাৰিকৰী বিশ্ববিদ্যালয়ে এখন জাননীযোগে প্ৰৱেশ পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি সংযুক্ত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে ২৭ মে’ক অনলাইন আবেদনৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক ১০ জুনৰ পৰা অনলাইনযোগে এডমিড কাৰ্ড প্ৰদান কৰা হ’ব। তাৰ পাছত ২৮ জুনত দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাৰ ফলাফল ১৩ জুলাইত ঘোষণা কৰা হ’ব। (AIR NEWS)