A part of Indiaonline network empowering local businesses
Chaitra Navratri

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰংগীলা দৈমাৰীৰ ৰূপৰ আৰু সঞ্জীৱ কুমাৰ সিঙেৰ ব্ৰঞ্জৰ পদক অৰ্জন

News

গুজৰাটত চলি থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বক্সিংত অসমৰ লাভলিনা বৰগোহাঁই, শিৱ থাপা আৰু ফাইলাও বসুমতাৰীৰ পাছত বক্সাৰ যমুনা বড়ো আৰু অংকুশ্বিতা বড়োৱেও ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। কালি গান্ধী নগৰৰ মহাত্মা মন্দিৰ চেণ্টাৰৰ বক্সিং এৰেনাত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত লাভলিনা, শিৱ আৰু ফাইলাৱে সহজ বিজয় সাব্যস্ত কৰে।
ইফালে, অসমৰ উশ্বু দলে কালি আৰু দুটা পদক লাভ কৰিবলৈ সমৰ্থ হয়। উশ্বুৰ মহিলাৰ অলৰাউণ্ড ইভেণ্টত অসমৰ ৰংগীলা দৈমাৰীয়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে সঞ্জীৱ কুমাৰ সিঙে পুৰুষৰ অলৰাউণ্ড ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
উল্লেখযোগ্য য়ে, চলিত ৰাষ্ট্ৰীয় গেমছত এই পৰ্যন্ত ছাৰ্ভিছেচে শক্তিশালী প্ৰদৰ্শন আগবঢ়াই পদক তালিকাত শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে। ছাৰ্ভিছেচে ৫১ টা সোণ, ৩৩ টাৰূপ আৰু ২৯ টা ব্ৰঞ্জসহ ১১৩ টা পদক অৰ্জন কৰিছে। আনহাতে দ্বিতীয় স্থানত থকা হাৰিয়ানাই ৩১ টা সোণৰ পদক লাভ কৰিছে।
ইপিনে, অসম এই পৰ্য্যন্ত ৭ টা সোণ, ১০ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জসহ মুঠ ২৩ টা পদকেৰে তালিকাৰ পঞ্চদশ স্থানত আছে। (AIR NEWS)

556 Days ago