A part of Indiaonline network empowering local businesses
Chaitra Navratri

৪ খন নদীত ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ খনন

News

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্য চৰকাৰে জাহাজ আৰু ফেৰীৰ সূচল তথা সুৰক্ষিত যাত্ৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ স্বতন্ত্র সংস্থা, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধীকৰণ আৰু ভাৰতীয় ড্ৰেছিং কৰ্পৰেশ্বনৰ মাজত স্বাক্ষৰিত হোৱা এখন গুৰুত্বপূৰ্ণ চুক্তিৰ কথা উল্লেখ কৰি শ্ৰী সোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ-বৰাকসহ মুঠ ৪ খন নদীত ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ খনন কৰিব। ইয়াৰ বাবে মন্ত্ৰালয়ৰ দ্বাৰা ইতিমধ্যে ২০৪ কোটি ৪৭ লাখ টকাৰ পুঁজি অনুমোদিত হৈছে। এই খননৰ ফলত জাহাজ আৰু ফেৰীৰ যাতায়ত ব্যৱস্থা অধিক সূচল হ'ব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে পৰিবহনৰ আটাইতকৈ সুলভ, দক্ষ, ব্যয়সাপেক্ষ আৰু সেউজ পদ্ধতিবোৰৰ ভিতৰত শক্তিশালী মাধ্যম হিচাপে পৰিচিত জলপথক ত্বৰান্বিত কৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক তথা বাণিজ্যিক সম্ভাৱনা উন্মুক্ত কৰাত সহায় কৰিব। (AIR NEWS)

437 Days ago