A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰঙিয়াত বানত আক্ৰান্ত সহস্ৰাধিক লোক

news

ৰঙিয়া: সমগ্ৰ ৰাজ্যজুৰি বানৰ সংহাৰ। বিগত চাৰিদিনে বানত ককবকাইছে ৰঙিয়া মহকুমাৰ শতাধিক গাঁৱৰ ৰাইজ। প্ৰলয়ংকৰী বানত কেইবা সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে। 

শেহতীয়া বানৰ ফলত ৰঙিয়া মহকুমাৰ গড়ভিতৰ বালাগাঁৱত বহু দৰিদ্ৰ পৰিয়াল গৃহহাৰা হৈ পৰিছে। নিজৰ ঘৰখন প্ৰলংকৰী বানে চকুৰ সন্মুখতে ভাঙি চূৰ্ণ–বিচুৰ্ণ কৰি পেলালে। ঘৰৰ সকলো সামগ্ৰী উটুৱাই নিয়াৰ ফলত এই দৰিদ্ৰ লোকসকলৰ এতিয়া আলৈ–অথনি নোহোৱা হৈছে। 

বিগত দিনকেইটাত নেৰা নেপেৰা বৰষুণৰ ফলত পুনৰ ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ লগতে উপনৈসমূহৰ জলপৃষ্ঠ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় ২০০০ খন গাঁৱৰ ১৩ লাখ লোক বানৰ কবলত পৰিছে। অসমৰ ২৪ খন জিলা বৰ্তমান বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২২৪ টা আশ্ৰয় শিবিৰত ২১,০০০ লোকে আশ্ৰয় গ্ৰহণ কৰিছে।  (INDIAONLINE)

1373 Days ago