উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ৰথযাত্ৰা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীনাইডুৱে কয় যে, ভগৱান জগন্নাথৰ বাৰ্ষিক যাত্ৰা প্ৰতীকস্বৰূপ ওড়িশাৰ এই প্ৰখ্যাত ৰথযাত্ৰাই ভগৱানৰ মহিমা আৰু আশীষ উদযাপনৰ বাবে সকলো সম্প্ৰদায় এগেলগে আগবাঢ়ি অহাটোকে প্ৰতিফলিত কৰে। তেওঁ ৰথযাত্ৰাৰ লগত জড়িত পবিত্ৰ তথা মহান আদৰ্শই জনসাধাৰণৰ জীৱনলৈ শান্তি আৰু একতা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰথ যাত্ৰা উপলক্ষে দেশ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে ভগৱান জগন্নাথৰ কৃপা ধন্য হৈ যাতে প্ৰতিগৰাকী ব্যক্তিয়ে সু-স্বাস্থ্যবান আৰু সুখী হয় তাৰে কামনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া মন কী বাত অনুষ্ঠানত আমাৰ সংস্কৃতিক ৰথ যাত্ৰাৰ মহত্বৰ বিষয়ে উল্লেখ কৰিছে।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ওড়িশ্যাৰ পুৰীত ৮ বছৰৰ সেৱা, সু-শাসন, গৰীব কল্যান আৰু আজাদী কা অমৃত মহোৎসৱৰ সন্দৰ্ভত এখন প্ৰদৰ্শনি মুকলি কৰে। উল্লেখযোগ্য যে আজিৰে পৰা আৰম্ভ হোৱা ৰথ যাত্ৰা উপলক্ষে ভূৱনেশ্বৰৰ কেন্দ্ৰীয় যোগাযোগ সংস্থাই এই প্ৰৰ্দশনিৰ আয়োজন কৰিছে। (AIR NEWS)