গুৱাহাটী: বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ ফলত মানুহৰ শাৰীৰিক শ্ৰম হ্ৰাস পাইছে। বিজ্ঞানৰ দ্ৰুত উন্নয়নৰ সুবিধা লৈছে পৌৰ নিগমসমূহেও। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ নলা চাফ-চিকুণ কৰা হ’ব ৰবটৰ দ্বাৰা। মঙলবাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উদ্বোধন কৰা এই ৰবটটোৰ নাম ৰখা হৈছে ‘বেণ্ডিকোট’।
গুৱাহাটী পৌৰ নিগমৰ অধীনত গুৱাহাটী মহানগৰীত থকা প্ৰায় ৮০০ নলা নিষ্কাষণ কৰা হ’ব এই ৰবৰটিৰে জৰিয়তে। ‘বেণ্ডিকোট’ সহায়ত পৌৰ নিগমৰ কোনো চাফাই কৰ্মী দুৰ্গন্ধময় নলাত ননমাকৈয়ে নলাবোৰ পৰিস্কাৰ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে তাৰ মাজতে কেইবাখনো এক্সকেভেটৰ ব্যৱহাৰ কৰা হ’ব।
উল্লেখযোগ্য যে, ভাৰতৰ কেইখনো ঠাইত বিগত ৪ বছৰত প্ৰায় ৩০০তকৈও অধিক চাফাই কৰ্মীয়ে নলা নিষ্কাষণৰ সময়ত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। চৰকাৰে সদৰি কৰা তথ্য অনুসৰি, পৰবৰ্তী সময়ত ৰবটেৰে ৰাজ্যৰ আন আন চহৰ সমূহতো নলা নিষ্কাষণ কৰা হ’ব। (INDIAONLINE)