A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাকেশ পালৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

news

গুৱাহাটী: এপিএছচি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ৷ গুৱাহাটী মহানগৰীৰ শ্ৰীনগৰৰ শক্তিগড় পথত থকা এটা ফ্লেট আৰু ভঙাগড়ত থকা বাণিজ্যিক ফ্লেট বাজেয়াপ্ত কৰা হয়৷ ইয়াৰ লগতে ৰাকেশ পালৰ ঘৰৰ পৰা জব্দ কৰা হয় ১০ লাখ টকা। 

এপিএছচিৰ কেলেংকাৰীৰ তদন্তত পোহৰলৈ আহিছিল ৰাকেশ পালৰ ধন আত্মসাতৰ বহু তথ্য৷ ইয়াৰ পিছতে ৰাকেশ পালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰে৷ প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে ৰাকেশ পালৰ ১ কোটি ৪০ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।  (INDIAONLINE)

1386 Days ago