A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাজস্থানৰ বুন্দী নদীত এখন বাছ দূৰ্ঘটনাগ্ৰস্ত হৈ ২৪জন লোকৰ মৃত্যু

News

ৰাজস্থানৰবুন্দী জিলাৰ কোটা-ডাউচা ৰাষ্ট্ৰীয় ঘাইপথত বাছ এখন নদীত পৰি যোৱাৰ ফলত২৪জন লোকৰ মৃত্যুৰ লগতে আন ৫গৰাকী আহত হয়। বাছখনৰ যাত্ৰীসকলে কোটাৰ পৰা ছাৱাই মাধপুৰৰএখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে গৈ আছিল। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে লেখাৰী পুলিচথানাৰ অন্তৰ্গত পাপড়ি গাঁৱৰ মেইজ নদীৰ ওপৰত থকা দলং এখন অতিক্ৰম কৰাৰ সময়তে বাছৰ চালকৰনিয়ন্ত্ৰণ নোহাৱাৰ ফলত এই দূৰ্ঘটনাটো সংঘটিত হয়। আহতসকলক লেখাৰী চৰকাৰী চিকিৎসালয়লৈ আৰু গুৰুতৰভাৱে আহতসকলককোটা চৰকাৰী চিকিৎসালয়লৈনিয়া হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু মুখ্যমন্ত্ৰী অশোক গেহলটে গভীৰভাৱেশোকপ্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। (AIR NEWS)

1513 Days ago