অসমত আজি প্রচলিত পৰম্পৰাৰে কাতি বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। কাতি বা কঙালী বিহুক কৃষিজীবী অসমীয়াৰ অতিকে গুৰুত্বপূর্ণ উৎসৱ। কাতি বিহুৰ পৰাই কৃষিৰ বতৰ আৰম্ভ হয় আৰু ধান গছে গেৰ মেলিবলৈ আৰম্ভ কৰে। আজি ঘৰে ঘৰে ভেঁটি সাজি তুলসী পুলি ৰোৱা হয় আৰু ধন ঐশ্বর্যৰ দেৱী লক্ষ্মীক আৰাধনা কৰা হয়। কৃষিজীৱী অসমীয়াই তুলসীৰ আগত চাকি জ্বলোৱাৰ লগতে ঘৰৰ পদুলিত আৰু ধাননি পথাৰত চাকি জ্বলায়। কিছুমানে আকাশ বন্তিও জ্বলায়। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাতি বিহু উপলক্ষে অসমবাসীক শুভেচ্ছা জনাইছে। (AIR NEWS)