গুৱাহাটী: ৰাজ্যত অপৰিবৰ্তিত আছে বান পৰিস্থিতি। বৰ্তমানেও জলমগ্ন হৈ আছে বহু অঞ্চল আৰু প্ৰভাৱিত হৈছে বহু হাজাৰ হাজাৰ লোক। শেহতীয়া বানৰ ফলত মৃত্যু হৈছে বহু লোকৰ, লগতে মৃত্যু হৈছে পোহনীয়া জীৱ-জন্তুৰ লগতে বহু বন্য প্ৰাণীয়ো।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বহুতো বনভূমি বানৰ কবলত পৰিছে। ইয়াৰ ফলত অসহায় হৈ পৰিছে বন্য জীৱ। বন্যভূমি জলমগ্ন হৈ পৰাৰ ফলত তীব্ৰ খাদ্য সংকটত ভুগিছে মানুহৰ লগতে সকলো জীৱ।
বৰ্তমানে ৰাজ্যৰ ৩০ তকৈও অধিক জিলাৰ বহু গাওঁ জলমগ্ন হৈ আছে। দেশৰ ভিতৰতে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। শেহতীয়া বানৰ ফলত ৰাজ্যত প্ৰায় ৭০ জন লোক মৃত্যু হোৱাৰ পিছতো নিমাত কেন্দ্ৰ চৰকাৰ। ইয়াৰ বিপৰীতে অসমৰ বাহিৰৰ কেইবাগৰাকী চেলিব্ৰিটী লোকে সহায় আগবঢ়াইছে অসমৰ নিঃসহায় লোকৰ বাবে। (INDIAONLINE)