A part of Indiaonline network empowering local businesses
Chaitra Navratri

ৰাজ্যত উপলব্ধ হ’ল ম’বাইল ইণ্টাৰনেট সেৱা

News

গুৱাহাটী: অসমত উপলব্ধ হ’ল ম’বাইল ইণ্টাৰনেট সেৱা। ৯ দিনৰ মূৰত শুকুৰবাৰে পুৱা ৯ বজাত উপলব্ধ হ’ল ম’বাইল ইণ্টাৰনেট সেৱা। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক হিংসাত্মক ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে বন্ধ কৰি দিছিল ম’বাইল ইণ্টাৰনেট সেৱা।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতিৰ দোহাই দি প্ৰায় ৯ দিন ধৰি ৰাজ্য চৰকাৰে বন্ধ কৰি ৰাখিছিল ইণ্টাৰনেট সেৱা। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ দিছিল নিৰ্দেশ যদিও ৰাজ্য চৰকাৰে  আইন–শৃংখলাজনিত কাৰণৰ দোহাই দি এই নিৰ্দেশৰ পুনৰীক্ষণৰ আৱেদন কৰিছিল।

কিন্তু বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে বিয়লি ৫ বজাৰ ভিতৰত ম’বাইল ইণ্টাৰনেট মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে উচ্চস্তৰীয় বিষয়ববীয়াৰো বৈঠক অনুষ্ঠিত হৈছিল বৃহস্পতিবাৰে। (INDIA ONLINE)

1581 Days ago